- 1 Assamese Essay for Class 12 কি?
- 2 Class 12ত সাধাৰণতে আহিব পৰা Assamese Essay Topics
- 3 Assamese Essay for Class 12 কেনেকৈ লিখিব?
- 4 নমুনা Assamese Essay for Class 12
- 5 বৃক্ষৰোপণ
- 6 Assamese Essay for Class 12 ত ভাল নম্বৰ কেনেকৈ পাব?
- 7 Common Mistakes to Avoid
- 8 Preparation Tips for Class 12 Assamese Essay
- 9 Assamese Essay for HS Final Examৰ বাবে Best Topics
- 10 ৰচনা লিখোঁতে মনত ৰাখিবলগীয়া কথা
- 11 অসমৰ মাটি আৰু নদ-নদীৰ গতি-প্রকৃতি
- 12 FAQs
- 13 শেষ কথা
Assamese essay for class 12 | class 12 assamese essay pdf download
দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অসমীয়া বিষয়টো অতি গুৰুত্বপূৰ্ণ। বিশেষকৈ ৰচনা অংশত ভাল নম্বৰ পোৱাটো ফলাফল উন্নত কৰাৰ এটা সহজ উপায়। বহু শিক্ষাৰ্থীয়ে ভাবি থাকে যে ৰচনা লিখা কঠিন, কিন্তু সঠিক practice থাকিলে এই অংশত ভাল নম্বৰ অনায়াসে পাব পাৰি। যদি আপুনি Assamese essay for class 12 বিচাৰি আছে, তেন্তে এই লেখাটো আপোনাৰ বাবে উপকাৰী হ’ব।
ইয়াত আমি সহজ ভাষাত আলোচনা কৰিম কেনেকৈ দ্বাদশ শ্ৰেণীৰ অসমীয়া ৰচনা লিখিব লাগে, কোন কোন topic গুৰুত্বপূৰ্ণ, answer কেনেকৈ আৰম্ভ কৰিব লাগে, নম্বৰ বঢ়াব পৰা টিপছ কি, আৰু কোন ভুলবোৰ এৰাব লাগে। যদি আপুনি প্ৰথমবাৰ board exam দিবলৈ ওলাইছে, তেন্তে এই guide আপোনাক সহায় কৰিব।
Assamese Essay for Class 12 কি?
Assamese essay for class 12 মানে দ্বাদশ শ্ৰেণীৰ অসমীয়া বিষয়ত দিয়া ৰচনা বা essay topic সমূহৰ প্ৰস্তুতি। সাধাৰণতে examত সামাজিক, শিক্ষামূলক, পৰিবেশ, বিজ্ঞান, জাতীয় উৎসৱ, ব্যক্তিত্ব, ছাত্রজীৱন আদি বিষয়ত ৰচনা আহে।
ৰচনা লিখাৰ উদ্দেশ্য—
- ভাষা দক্ষতা পৰীক্ষা কৰা
- চিন্তা প্ৰকাশৰ ক্ষমতা দেখা
- grammar আৰু sentence formation চোৱা
- বিষয় বুজাৰ ক্ষমতা যাচাই কৰা
Class 12ত সাধাৰণতে আহিব পৰা Assamese Essay Topics
তলত কিছুমান গুৰুত্বপূৰ্ণ topic দিয়া হ’ল—
| ক্ৰম | ৰচনাৰ বিষয় |
|---|---|
| 1 | ছাত্রজীৱন |
| 2 | পৰিবেশ সংৰক্ষণ |
| 3 | বিজ্ঞানৰ অৱদান |
| 4 | মোৰ প্রিয় শিক্ষক |
| 5 | বেকাৰ সমস্যা |
| 6 | গ্রন্থৰ প্ৰয়োজনীয়তা |
| 7 | সময়ৰ মূল্য |
| 8 | বৃক্ষৰোপণ |
| 9 | স্বাধীনতা দিৱস |
| 10 | ডিজিটেল ভাৰত |
এই topic সমূহ practice কৰিলে examত বহুত সুবিধা পাব।
Assamese Essay for Class 12 কেনেকৈ লিখিব?
অনেকে topic দেখিয়েই লিখা আৰম্ভ কৰে। এইটো সঠিক নহয়। প্ৰথমে structure বুজক।
১. শিৰোনাম
ৰচনাৰ topic স্পষ্টকৈ ওপৰত লিখক।
২. ভূমিকা
প্ৰথম paragraphত বিষয়ৰ চিনাকি দিব লাগে। বেছি ডাঙৰ নকৰিব।
৩. মূল অংশ
ইয়াত বিষয়ৰ মূল আলোচনা কৰক।
- কাৰণ
- লাভ
- সমস্যা
- সমাধান
- উদাহৰণ
৪. উপসংহাৰ
শেষ paragraphত সাৰাংশ লিখক।
নমুনা Assamese Essay for Class 12
বৃক্ষৰোপণ
ভূমিকা
গছ আমাৰ জীৱনৰ অমূল্য সম্পদ। গছ নাথাকিলে মানুহ আৰু জীৱজন্তু বাচি থাকিব নোৱাৰে। সেয়েহে বৃক্ষৰোপণ বৰ গুৰুত্বপূৰ্ণ।
মূল আলোচনা
গছে আমাক অক্সিজেন দিয়ে, ফল-মূল দিয়ে, কাঠ দিয়ে আৰু পৰিবেশ শীতল ৰাখে। বৰষুণ অনাতো গছৰ ভূমিকা আছে। বৰ্তমান বন উজাৰ হোৱাৰ বাবে পৰিবেশ দূষণ বাঢ়িছে।
সেইকাৰণে সকলো মানুহে বছৰত কমেও এটা গছ ৰোপণ কৰা উচিত। বিদ্যালয়, ঘৰ, পথৰ কাষত গছ ৰোপণ কৰিব পাৰি।
উপসংহাৰ
বৃক্ষৰোপণ মানে জীৱন ৰক্ষা। আজিৰ পৰা আমি সকলোৱে গছ লগাব লাগে।
Assamese Essay for Class 12 ত ভাল নম্বৰ কেনেকৈ পাব?
সহজ ভাষা ব্যৱহাৰ কৰক
কঠিন শব্দ লিখি ভুল কৰাৰ পৰা সহজ ভাষা ভাল।
Paragraph ভাগ কৰি লিখক
ডাঙৰ একেলগ paragraph দেখিবলৈ ভাল নালাগে।
শুদ্ধ বানান লিখক
বানান ভুল হ’লে নম্বৰ কমে।
সময় ধৰি practice কৰক
Exam hallত সময় অতি গুৰুত্বপূৰ্ণ।
Common Mistakes to Avoid
এই ভুলবোৰ বহুত ছাত্ৰ-ছাত্ৰীয়ে কৰে—
১. Topicৰ বাহিৰে লিখা
যদি বিষয় “সময়ৰ মূল্য” হয়, তেন্তে আন কথা বেছি নালিখিব।
২. বেছি short লিখা
অতি কম লিখিলে নম্বৰ কম পাব।
৩. বানান ভুল
অসমীয়াত বানান অতি গুৰুত্বপূৰ্ণ।
৪. আৰম্ভণি আৰু শেষ নাই
সোজাকৈ মাজৰ পৰা আৰম্ভ নকৰিব।
৫. মুখস্থ লিখা
মুখস্থ line ভুলিলে মাজত থমকি যায়।
Preparation Tips for Class 12 Assamese Essay
দৈনিক এটা topic practice কৰক
প্রতিদিন ১টা essay লিখিলে ১ মাহত বহু topic cover হ’ব।
Important introduction ready ৰাখক
কিছুমান সাধাৰণ ভূমিকা আগতেই practice কৰক।
Newspaper পঢ়ক
Current topicৰ বাবে সহায় হয়।
Teacherক দেখুৱাওক
নিজে লিখা essay শিক্ষকক দেখুৱালে ভুল ধৰা পৰে।
Assamese Essay for HS Final Examৰ বাবে Best Topics
Board examৰ বাবে এইবোৰ অতি গুৰুত্বপূৰ্ণ—
- পৰিবেশ দূষণ
- ছাত্রজীৱন
- বেকাৰ সমস্যা
- বিজ্ঞান আৰু মানব জীৱন
- মোবাইল ফোনৰ লাভ-ক্ষতি
- সময়ৰ মূল্য
- জাতীয় ঐক্য
- বৃক্ষৰোপণ
ৰচনা লিখোঁতে মনত ৰাখিবলগীয়া কথা
- হাতৰ লেখা পৰিষ্কাৰ ৰাখক
- heading দিলে ভাল লাগে
- point wise লিখিব পাৰিলে ভাল
- উদাহৰণ দিলে answer শক্তিশালী হয়
- শেষ ৫ মিনিট revise কৰক
অসমৰ হাবিত প্ৰচুৰ পৰিমাণে বাঁহ আৰু বেত পােৱা যায়। বাঁহ-বেতৰ চাহিদা, বাজ্যখনৰ ভিতৰত যিদবে প্রভূত, সেইদৰে ৰাজ্যৰ বাহিৰতাে প্রভূত। কাগজ উৎপাদনৰ কাৰণে কাঠ আৰু বাঁহ দুয়োটাই অতীব প্রয়ােজনীয়। অসমৰ কাঠ, বাঁহ আদিৰ উৎপাদনলৈ চাই অসমত কেইবাটাও কাগজৰ কল স্থাপনৰ সম্ভাৱনীয়তা নুই কৰিব নােৱাৰি। অসম আৰু বিহাৰৰ দ্বাৰভাংগাৰ যুটীয়া প্ৰচেষ্টাত গােৱালপাৰা জিলাৰ যােগীঘােপাত “অশােক পেপাৰ মিল” নামৰ এটা কাগজৰ কল প্রতিষ্ঠিত হৈছে। মৰিগাঁও জিলাৰ জাগীৰােড আৰু কাছাৰতত আন দুটা কাগজৰ কল প্রতিষ্ঠা হৈছে। অৰুণ ভবিষ্যতে আৰু কেইবাটিও কাগজৰ কল স্থাপিত হােৱাৰ সম্ভাৱনা আছে। তদুপৰি সমগ্ৰ ভাৰতব্যাপী বাঁহ-বেত শিল্প গঢ়ি উঠিছে অসমৰ উৎপাদনৰ গইনা লৈয়েই।
এইবােৰৰ বাহিৰেও অসমৰ হাবিত প্ৰচুৰ পৰিমাণে ইকৰা, নল, খাগৰি, খেৰ পােবা যার এইবােৰ গৃহনির্মাণৰ কাৰণে অত্যাৱশ্যকীয় সামগ্রী। তদুপৰি অসমৰ অৰণ্যত প্ৰচুৰ পৰিমাণে শাক, পাচলি আৰু ঔষধজাতীয় উদ্ভিদ আছে। এইবােৰ সম্পদৰপৰা এফালে চৰকাৰে লাখ লাখ টকাৰ ৰাজহ লাভ কৰিছে আনফালে অসমীয়া জাতিয়ে এইবােৰ সম্পদ আহৰণ কৰি লাভৱান হৈছে। নানা ফল-মূল জাতীয় উদ্ভিদো অসমৰ হাবিত উভৈনদী হৈ আছে।
আন এবিধ কাজাত সম্পদ হৈছে বনৰীয়া জীৱ-জন্তু। হাতী, গড়, বাঘ, ভালুক, বান্দৰ, সাপ, নেউল, পং, গাহৰি আৰু ধনেশ, মৰাচৰাই, হাঁহ, কাউৰী, শগুণ, ভাটো, মইনা, কুলি, কেতেকী আদি অলেখ-অপাৰ পশু-পক্ষী অসমৰ হাবিত উভৈনদী হৈ আছে। হাতী, গড়, বাঘ, পহু অসমৰ বহুমূলীয়া সম্পদ। বিশেষকৈ এশিঙীয়া গঁড় পৃথিৱীৰ ভিতৰতে এক দুর্লভ সম্পদ। এইবােৰ জীৱ-জন্তু বিদেশলৈ ৰপ্তানি কৰি অসমে কোটি কোটি টকা উপার্জন কৰে। হাতীৰ দাঁত আৰু গঁড়ৰ খজাও বহুমূলীয়া সম্পদ।
সমগ্র অসমৰ নদ-নদী, বিল-খালবােৰত মাছ কাছ উভৈনদী। এইবােৰ অসমৰ এক বৃহৎ পবিমাণৰ প্রাকৃতিক সম্পদ। প্ৰকৃতিৰ বুকুত স্বয়ংপালিত এইবিধ সম্পদৰপৰা বৃহৎ পৰিমাণৰ ৰাজহ অসমৰ ৰাজভঁৰাললৈ আহে তদুপৰি ই সমগ্ৰ অসমীয়া জাতিৰে সুখাদ্য। ইয়াৰ উন্নয়নৰ বাবে চৰকাৰে কৃত্রিম উপায়েৰে প্রজনন ব্যৱস্থা কৰি অধিক উৎপাদনৰ ব্যৱস্থা লৈছে।
অসমৰ আন এবিধ অতি মূল্যবান সম্পদ হৈছে । ই অৱশ্যে উদ্ভিদ আৰু প্রাণী উভয়ৰ মিশ্রিত প্রক্রিয়াৰ দ্বাৰা উদ্ভূত। এবিধ গছত বর্ধিত কীটৰ আঠাৰপৰা লা হয়। ইয়াৰপৰাও অসমৰ যথেষ্ট আয় হয়। এই লা শােধন কৰাৰ ব্যৱস্থা বর্তমান অসমত নাই বাবে প্ৰায়বোেৰ অশােধিত লা বাহিৰলৈ পঠোৱা হয়। চাপৰমুখত থকা একমাত্র কাৰখানাটোও লা যােগানৰ অসুবিধাৰ অজুহাতত বাহিৰলৈ স্থানান্তৰিত কৰা হ’ল। অথচ প্রচুৰ পৰিমাণৰ অশােধিত লা প্রতি বছৰে অসমৰ বাহিৰলৈ যাব লাগিছে।
ধূনাও এবিধ উদ্ভিদজাত বনজ সম্পদ। ইয়াৰ চাহিদা সদৌ ভাবততে আছে। সেইবাবে প্ৰচুৰ পৰিমাণৰ ধূনাও ৰপ্তানি কৰা হয়।
খনিজ পদার্থ অসমৰ আটাইতকৈ মূল্যবান সম্পদ। এই সম্পদতাে অসম অতিশয় চহকী। ভাৰত খনিজ সম্পদৰ ইতিহাসত অসমৰ কেৰাচিন আৰু পেট্ৰ’লৰ কাহিনী সর্বপ্রথমতে সােণালী আখৰেৰে লিখা ৰ’ব চিৰদিন। এনে এটা সময় আছিল, যি সময়ত কেরল ডিগবৈৰ কেৰাচিন তেলেৰেই ভাৰত পােহৰাবলগা হৈছিল। অসমৰ ডিগবৈ, নাহৰকটীয়া, মৰাণ, লাকুৱা, হুগ্রীজান, গেলেকী আৰু ৰুদ্ৰসাগৰত প্ৰচুৰ পৰিমাণৰ কেৰাচিন তেলৰ পুং আবিষ্কৃত হৈছে। বিশেষজ্ঞসকলৰ জৰীপ মতে সমগ্র ব্রহ্মপুত্র উপত্যকাতে বিৰাট পৰিমাণৰ তেলৰ সাগৰ থকা বুলি জনা গৈছে। অসমৰ তেল শােধন কৰিবৰ কাৰণে ডিগবৈত থকা পূৰ্বৰ শোধনাগাৰৰ বাহিৰেও গুৱাহাটীৰ নমাটি আৰু গােলাঘাটৰ নুমলিগড়ত শােধনাগাৰ স্থাপিত হৈছে গােৱালপাৰা জিলাৰ বঙাইগাঁৱতাে পেট্রোকেমিকেল কমপ্লেক্স স্থাপিত হৈছে।
তেল আৰু প্রাকৃতিক গেছৰ অনুসন্ধানৰ বাবে দুলীয়াজানত তেল আৰু প্রাকৃতিক গেছ আয়ােগর কেন্দ্র প্রতিষ্ঠিত হৈছে। ডিব্ৰুগড় জিলাৰ লেপেটকতাত গেছ ফ্ৰেকাৰ প্রকল্প প্রতিষ্ঠা হৈছে। অতিৰিক্ত খাৰুৱা তেলবােৰ বর্তমান বাউনী আৰু হলদিয়ালৈ নি শােধন কৰা হৈছে। অসমৰপৰা আহৰণ কৰা এইসম্পদ অসমতে আৰু অধিক শক্তিসম্পন্ন শােধনাগাৰ প্ৰতিষ্ঠা কৰি শােধন কৰা ব্যৱস্থা কৰা হ’লে এফালেদি অসমৰ অজস্ৰ নিবনুৱাৰ কর্ম সংস্থান হ’লহেঁতেন। অসমৰ যাতায়াত ব্যৱস্থা উন্নততৰ নােহােৱাৰ অজুহাত দেখুৱাই কেন্দ্রীয় চৰকাৰে অসমতে এই অতিৰিক্ত খাৰুৱা তেলৰ বাবে নতুন শােধনাগাৰ প্ৰতিষ্ঠা নকৰি অসমক সদায় প্রবঞ্চনা কৰি অহাটো অতি পবিতাপৰ কথা।
কয়লা অসমৰ দ্বিতীয় শ্রেষ্ঠ খনিজ সম্পদ। লিডু, মাৰ্ঘেৰিটা, বৰগােলাই, টিপং, মাকুম অঞ্চলত ইয়াৰ খনি আছে। কয়লাৰপৰা কুৎসিত আলকাতকে আৰম্ভ কৰি নানা বিধ সুগন্ধি মচলা, ৰং আৰু চেকাৰিন তৈয়াৰ হয়।
ইয়াৰ বাহিৰেও অসমৰ বিস্তীর্ণ অঞ্চল জুৰি প্ৰচুৰ পৰিমাণে চুণশিল আৰু বাচিন্দা পােৱা যায়। কামৰূপ আৰু গােৱালপাৰা জিলাৰ সীমান্তৰ এক বিস্তীর্ণ অঞ্চলত “ফুলাৰ্চ আর্থ” সঞ্চিত হৈ আছে। ৰহা অঞ্চলৰ শ্ৰীটিকেন্দ্র সিংহ ৰজা নামৰ এজন লােৰুে ইয়াৰ খনি উদঘাটন কৰি আহৰণৰ ব্যৱস্থা হাতত লৈছিল; কিন্তু মূলধনৰ অভাৱত কাৰখানা স্থাপন কৰিব নােৱৰাত এই বহুমূলীয়া সম্পদবিধ কামত প্রয়ােগ কৰিব পৰা হােৱা নাই।
গােৱালপাৰাৰ কোনাে পাহাৰৰ শিৰাত সােণৰ সন্ধানাে পােৱা গৈছিল; কিন্তু তাক আহৰণ কৰাৰ বা প্রকৃততে কিমান পৰিমাণৰ সােণ উৎপাদন হ’ব পাৰে তাৰ জৰীপ কৰা ব্যৱস্থা হৈছে নে নাই জনা নাযায়। সােৱণশিৰি নৈৰ বালিত সােণৰ ভেঁকুৰা পােৱা যায়। পুৰণিকালত সােপণাৱালসকলে যথেষ্ট পৰিমাণৰ সােণ তাৰপৰা আহৰণ কৰিছিল। অথচ ইয়াৰ উৎস ক’ত আৰু ব্যৱসায়িক ভিত্তিত আহৰণ কৰিব পৰা যায় নে নাযায়, তাৰ গৱেষণা সম্ভৱতঃ আজিলৈকে হােৱা নাই। অসমীয়া মানুহে অসমৰ বুকুৰপৰাই লােহাও আহৰণ কৰিছিল।
অসমৰ পাহাৰীয়া অঞ্চলত চিলিমিনাইটো পােৱা যায়। গুৱাহাটীৰ দাঁতিকাষৰীয়া অঞ্চলত তামৰ খনি থকাৰাে সন্ধান পােৱা গৈছিল। আনকি বিশেষজ্ঞসকলে এই মত পােষণ কৰে যে সমগ্ৰ অসমৰে গৰ্ভত প্ৰচুৰ পৰিমাণৰ খনিজ সম্পদৰ এক অক্ষয় ভাণ্ডাৰ অনাৱিষ্কৃত অৱস্থাত আছে, যাৰ উদঘাটন
সম্ভৱ হ’লে অসমৰ “সােণৰ অসম” নাম কল্পনাৰ শীর্ষ বিন্দুৰপৰা নামি আহি বাস্তৱৰ আকাশলংঘী গৰিমাৰে মহিমামণ্ডিত হব।
কিন্তু দুখৰ বিষয় আমি অসমীয়াই আজি “সােৱণশিৰিৰ সােণৰ ভেঁকুৰা বুটলিব কোনে?” -বুলি গীতৰ ৰাগিণী তুলিয়েই ক্ষান্ত আছে। তাক বাস্তৱত ৰূপায়িত কৰাৰ সৎ সাহস, সামর্থ আমি গােটাব পৰা নাই।
প্রকৃতিয়ে বনজ, প্রাণীজ, খনিজ অজস্র সম্পদেৰে অসমী আইক কেঁচা সােণ, বগা সােণ, কলা সােণৰ অক্ষয় ভাণ্ডাৰ কৰি স্ৰজন কৰিছে। কিন্তু আমি দুখীয়া অসমীয়া জাতিয়ে এই অক্ষয় ভাণ্ডাৰৰ অক্ষয়-অব্যয় সােণবােৰ আহৰণ কৰি অসমীক বৈভৱশালী কৰি তুলিব পৰা নাই। প্রকৃতিয়ে অযাচিতে আগবঢ়াই দিয়া অমূল্য অৱদানখিনি আহৰণ কৰি আমি জাতীয় জীৱন সমৃদ্ধ কৰিব নােৱৰাটো কাপুৰুষালিৰ বাহিৰে কি হ’ব পাৰে?
উন্নয়নৰ উপায় আৰু মন্তব্য
এই সম্পদবােৰ আহৰণ কৰিবলৈ আৱশ্যকীয় যন্ত্রপাতি, আমদানি কৰা প্রয়ােজন। তাৰ কাৰণে যাতায়াত ব্যৱস্থা উন্নত হ’ব লাগিব। উপযুক্ত থলুৱা বিজ্ঞানী, বিশেষজ্ঞ, কাৰিকৰ লাগিব। চৰকাৰে শিক্ষিত নিবনুৱা যুৱকসকলক উপযুক্ত প্রশিক্ষণ দিয়াই অনাৰ ব্যৱস্থা কৰিব লাগে; যাতায়াতৰ ব্যৱস্থা উন্নত কৰক; তদুপৰি আৱশ্যকীয় মূলধনৰ ব্যৱস্থা কৰক। এই প্রচেষ্টা অকল ৰাজ্য চৰকাৰে আগবঢ়ালেই নহ’ব; কেন্দ্রীয় চৰকাৰেও এই উদ্যোগৰ ক্ষেত্ৰত অনুন্নত ৰাজ্যখনৰ সম্পদসমূহ আহৰণৰ কাৰণে ঔদ্যোগিক বিকাশৰ কাৰণে আৰু অনগ্রসৰ পূৰ্বাঞ্চলৰ আর্থিক, সামাজিক উন্নয়নৰ কাৰণে হাত উজান দিব লাগিব। নহ’লে এই আপুৰুগীয়া অমূল্য সম্পদসমূহ চিৰদিন অৱহেলিত আৰু অনাবিষ্কৃতভাৱেই ৰৈ যাব; অঞ্চলটোৰ উন্নয়নে ব্যাহত হব।
অসমীয়া কৃষকৰ সমস্যা ৰচনা
অসমৰ মাটি আৰু নদ-নদীৰ গতি-প্রকৃতি
অসম কৃষি-প্রধান ৰাজ্য। ইয়াৰ শতকৰা ৭০ ভাগতকৈ অধিক লােক কৃষিজীৱী। ইয়াৰ মাটি সাৰুৱা, পলসুৱা। কম আয়াসতে অসমৰ মাটিত সােণসেৰীয়া শস্য ফলে | সকলাে প্ৰকাৰৰ খেতিৰ বাবেই ইয়াৰ মাটি উপযােগী। পাহাৰৰ দাঁতিৰ হিউমাচযুক্ত মাটিত প্ৰচুৰ চাহ খেতি হয়; অসম খাদ্য-শস্যৰ ভাণ্ডাৰ। অসংখ্য নদী-উপনদীৰে বিধৌত অসমৰ মাটিত প্ৰতি বছৰে পলস পৰে। নদ-নদীবােৰ প্রাকৃতিক সাৰৰ উৎস৷ গছ-গছনি, তৃণবন আদিৰ পাত-পত্ৰৰপৰাও সাৰ উৎপাদন হয়; নদীবােৰে সেইবােৰ উটুৱাই আনি অসমৰ মাটিত সিঁচি দিয়ে। নদীবােৰ মাছ-কাছ আদি খাদ্য-সম্ভাৰৰ ভাণ্ডাৰ। প্ৰকৃতিয়ে অসমক সুজলা-সুফলা, শস্য-শ্যামলা, গিৰি গুহা বিমণ্ডিতা কৰিয়ে সৃষ্টি কৰিছে। অথচ অসমৰ কৃষক ডাল দৰিদ্র। হাড়ক মাটি আৰু তেজক পানী কৰি কৃষিকার্য কৰে। তথাপি অসমৰ কৃষকে এসাঁজ খাই, এসাঁজ পেটত গামােচা বান্ধি থাকে। তাৰ কাৰণ কি ?
অসমৰ কৃষকৰ সমস্যা বােৰ
কাৰণ বিচাৰি বহু দূৰলৈ যাব নালাগে। অসমীয়া কৃষকৰ সমস্যা প্রধানকৈ মাটি আৰু বানপানীৰ লগত জড়িত সমস্যা। বানপানীয়ে প্রতি বছৰে অসমীয়া কৃষকক, অসমীয়া জাতিক জোলােকে জোলােবে, পানী খুৱাইছে। তাৰ পৰিণতি-
1. অসমীয়া কৃষকসকল দুখীয়া। বহুতৰ খেতিৰ উপযােগী মাটি নিচেই কম। বহুতৰ নিজা কৃষিৰ উপযােগী মাটি নাই। বহুতৰ আকৌ নিজৰ ভাল হালােৱা গৰু এহালাে নাই। সেইবাবে আনৰ, বিশেষকৈ মহাজনসকলৰ মাটিত আধি, চুক্তি বা একতৃতীয়াংশ ভাগ-চর্তত খেতি কৰে। ফলত অধিক শ্ৰমৰ বিনিময়ত খেতিয়কে লাভ কৰে নিচেই সামান্য অংশ; তাৰে বছৰটোৰ হয়তাে তিনি মাহ বা চাৰি মাহৰ সংস্থান লাভ হয়! বাকী ৮/৯ মাহ হয় দিন হাজিৰা কৰি, নতুবা মহাজনৰপৰা ধাৰ কৰি চলিব লাগে। পিছৰ বছৰত সেই ধাৰ পৰিশােধ কৰােতেই, বছৰটোৰ উপাৰ্জনৰ ঘৰত ৰয় শুন্য। এই শূন্য বছৰৰ পিছত বছৰ ধৰি পৌনঃপুনিকভাৱে চলি থাকে। গতিকে ভৱিষ্যত হয় শুন্যময়, অন্ধকাৰময়।
2. বহু পৰিমাণৰ মাটি নদীৰপৰা খহনীয়াত প্রতি বছৰে নিশ্চিহ্ন হৈ গৈছে। তাৰ ফলত বহুলােক কেৱল যে মাটিহীনহে হৈছে, এনে নহয় বহুতে ভেটি মাটিও হেৰুৱাই সম্পূর্ণ নিঠৰুৱা হৈ পৰিছে।
3. বাৰিষা অসমৰ নদ-নদীবােৰে প্ৰায়ে প্রলয়ংকৰী ৰূপ ধাৰণ কৰে। বিশেষকৈ অপৰিকল্পিতভাৱে আৰু অদূৰদৰ্শিতাৰে তৈয়াৰ কৰা মথাউৰিবিলাকত বাধা পাই নদীবােৰে প্ৰবল ৰূপ ধাৰণ কৰে। সেই। চামুণ্ডা মূতিৰ সন্মুখত মথাউৰি উটি যায়, উটি যায় হাজাৰ হাজাৰ মানুহৰ ঘৰ-দুৱাৰ, গৰু-ম’হ, সা-সম্পত্তি। খেতি-বাতি পানীৰ তলত বােকাত পাত খায়, জহি যায়। প্রতি বছৰে বহু কোটি টকাৰ শস্য পানীত উটি যায় এইদৰেই। ফলত কৃষকৰ গৰ্ভ গেলি যায় বেদনাত, হতাশাত। বিনা মেঘে বজ্রপাত পাৰে মূৰত। বাৰিষাৰ ধল বয় দুচকুৱেদি।
4. অধিক সংখ্যক অসমীয়া কৃষক অশিক্ষিত। এই অশিক্ষাৰ কুফল প্রতিফলিত হৈছে বহুধা হৈ। তাৰে কেইটামান উদাহৰণ-
(ক) একেডৰা মাটিতে বছৰৰ পাছত বছৰ ধৰি একেবিধ খেতিকে কৰি থকাৰ ফলত যে মাটি উর্বৰা শক্তিহীন হৈ পৰে, তাৰ ভু অসমীয়া কৃষকে নাপায়।
(খ) উর্ব শক্তি বৃদ্ধিৰ বাবে মাটিত সাৰ দিয়াৰ কথা অসমীয়া কৃষকে নাজানে। বহুতৰ মাটিত গোহালিৰ গােবৰ দুচপৰাও নপৰে।
(গ) গৰুহালক দানা-পানী দি প্রতিপাল কৰিলেহে গৰুহালে টনা শক্তিকণ আহৰণ কৰিব পাৰে- এইকণ জ্ঞানাে অসমীয়া কৃষকৰ নাই।
(ঘ) নিঘুণী আৰু পৈণত বীজেহে লহপহীয়া শস্যৰ গছ গজাব পাৰে। তাৰ কাৰণে বীজ সংৰক্ষণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়ােজনীয়তা অসমীয়া কৃষকে অনুভৱ নকৰে।
(ঙ) কম মাটিতে অধিক শস্য উৎপাদনৰ বা একেড় মাটিতে বিভিন্ন ধৰণৰ শস্যৰ খেতি সাল-সলনিকৈ কৰাৰ প্ৰণালী অসমীয়া কৃষকে নাজানে।
(চ) উন্নত বীজ, উন্নত কৃষি পদ্ধতি, উন্নত সঁজুলি, মাটিত আধুনিক সাৰ প্ৰয়ােগ আদিৰ ভু সাধাৰণ খেতিয়কে নাপায়। অকাণে-পকাণে শুনিলেও সেইবােৰ ক্ৰয় কৰাৰ ক্ষমতা অধিকাংশ কৃষকৰে নাই।
(ছ) খেতিত পানী যােগান- অসমীয়া কৃষকৰ বাবে পৰ্বতত কাছৰ কণী। বাট চাই থাকে মৌচুমীলৈ। মৌচুমী সময় মতে নবলিলে, বতৰ খৰাং হলে, মুৰে কপালে হাত দি বহি থকাৰ বাহিৰে গত্যন্তৰ নাই।
(জ) অপৰিকল্পিত বৃহৎ পৰিয়ালৰ জীৱিকা-সংস্থানৰ বাবে বৃহৎ মাটিগিৰি হােৱাৰাে প্রয়ােজন। অথচ বর্ধিত জনসংখ্যাই বৃহৎ মাটিগিৰি হােৱাৰ কল্পনা আকাশ-কুসুমত পৰিণত কৰিছে।
(ঝ) স্বাস্থ্য-হীনতাৰ কাৰণেও বহুতাে সময় মতে আৰু ঠিক মতে খেতি কৰিব নােৱাৰে।
(ঞ) গৰুহাল বেমাৰত পৰিলে বা হঠাতে মৰি থাকিলে, আন এহাল যােগাৰ কৰাৰ ক্ষমতা বহুতাে কৃষকৰ নাই।
5. বহুতাে পৰিয়াল বিভক্ত হােৱাৰ পাছত, প্রতি পৰিয়ালে পৈতৃক মাটিডােখৰৰ যিকণ ভাগত পায়, তাৰ উৎপাদনেৰে এটা পৰিয়াল পােহপাল দিৱাটো অসম্ভব। আনহাতে অধিক পৰিমাণৰ খেতিৰ উপযােগী মাটি যােগাৰ কৰি লােৱাৰাে কোনাে উপায় নাই। পৰিয়াল বা লােক সংখ্যা বঢ়াৰ লগে লগেতাে পৃথিৱীখন বাঢ়ি নাযায়।
6. লাখ লাখ বেদখলকাৰীয়ে পতিত মাটিবােৰ দখল কৰাৰ ফলত অসমীয়া কৃষকৰ বৰ্দ্ধিত জনসংখ্যাৰ বাবে মাটিৰ নাটনি হৈ পৰিছে।
7. মহাজন, মজুতকাৰী, দালাল আৰু চোৰাং কাৰবাৰীসকলৰ প্ৰৰােচনাত কৃষকে বেচিব লগীয়া উৎপাদিত শস্যৰ বাবে উচিত মূল্য নাপায়। আনহাতেদি কৃষকে কিনিবলগীয়া ক্ষেত্ৰত দুই-তিনিও মূল্য দিব লাগে। অভাৱৰ তাড়নাত কৃষকে পথাৰতে শস্য বিক্ৰী কৰি দিয়াৰৰ উদাহৰণ বহুত।
8. চৰকাৰে বেংকৰ যােগেদি কৃষকসকললৈ আগবঢ়োৱা সা-সুবিধাবােৰ, দালাল আৰু প্রবঞ্চকবিলাকৰ প্ৰৰােচনাত অশিক্ষিত কৃষকসকলে প্রকৃতপক্ষে উপভােগ কৰিবলৈ নাপায়। বর্তমান ব্যৱস্থাসমূহ বহু ক্ষেত্ৰত তেলীয়া মূৰত তেল আৰু বহুক্ষেত্ৰত সুবিধাবাদীৰ স্বৰ্গত পৰিণত হৈছে।
অসমীয়া কৃষকৰ সমস্যা সমাধানৰ উপায়
অসমীয়া কৃষকসকলৰ এশ-এবুৰি সমস্যাৰ এয়া মাত্র কেইটামান প্রধান সমস্যা। এইবােৰ সমস্যাত জৰ্জৰিত অসমীয়া কৃষকে জীয়াই থকাৰ বাবে সংগ্রাম কৰােতেই জীৱন অতিবাহিত হয়। সুস্থ-স্বল, জীৱন-যাপনৰ কামনা তেওঁলােকৰ বাবে দূৰ-দিগন্তৰ স্বপ্ন। কিন্তু আজিৰ এই বিজ্ঞানৰ জয়-ডংকা পর্বতে- কন্দৰে, গুহাই-গহ্বৰে বাজি উঠাৰ যুগতাে অসমীয়া কৃষকৰ এই সমস্যাবােৰৰ সমাধানৰ কোনাে উপায় নহ’বনে? হ’ব লাগিব; অসমীয়া কৃষক সমাজ জীয়াই থাকিব লাগিব। দেশত কৃষক ৰাজ প্রতিষ্ঠা হ’ব লাগিব। তাৰ কাৰণে কিছুমান উপায়। অৱলম্বন কৰিব লাগিব। যেনেঃ
1. লাখ লাখ বে-আইনী দখলকাৰীৰ কবলত থকা লাখ লাখ বিঘা কৃষিৰ উপযােগী মাটি উদ্ধাৰ কৰি, প্রকৃত ভূমিহীন কৃষক আৰু গৰাখহনীয়াত ভূমিহীন হােৱা কৃষকৰ মাজত বিতৰণ কৰি প্রতিজন কৃষককে অন্ততঃ জীয়াই থাকিব পৰাকৈ শস্য উৎপাদন কৰিব পৰা নিম্নতম মাটিকণৰ অধিকাৰী কৰি তুলিব লাগিব।
2. অকৃষক মহাজনসকলৰ কবলত নিজ নামত আৰু ছদ্মনামত থকা হাজাৰ হাজাৰ বিঘা মাটি উদ্ধাৰ কৰি মাটিহীন প্রকৃত কৃষকৰ মাজত বিতৰণ কৰিব লাগিব।
3. বানপানী আৰু গৰাখহনীয়া স্থায়ী আৰু কাৰ্যকৰীভাৱে ৰােধ কৰিব লাগিব। তাৰ কাৰণে নদ-নদীসমূহ নিয়ন্ত্রণ কৰিব লাগিব। অসমৰ নদীসমূহ খস্রোতা; ইহঁতৰ অৱবাহিকা বিস্তীর্ণ। সেইবাবে সাধাৰণ মথাউৰিৰে নিয়ন্ত্রণ কৰাটো সম্ভৱ নহয়। দামােদৰ উপত্যকাৰ নিচিনা বিস্তৃত আৰু বহুমুখী আঁচনিৰ দ্বাৰাহে নিয়ন্ত্রণ সম্ভৱ হ’ব। প্রতি বছৰে মথাউৰি তৈয়াৰ কৰাত কোটি কোটি টকা ব্যয় নকৰি, তেনে ধৰণৰ স্থায়ী আঁচনি লােৱাহে উচিত হ’ব। তেনে আচনিৰ দ্বাৰা বান নিয়ন্ত্রণাে হ’ব; গৰাখহনীয়াও ৰােধ হ’ব। লগতে বিদ্যুৎ উৎপাদন, পানী যােগান, মীন উৎপাদন আদি বিভিন্ন কার্যও হ’ব।
4. ইতিমধ্যে গৰা খহনীয়াত উপায়ন্তৰ পৰিয়ালবােৰক চৰকাৰী পতিত মাটিত সংস্থাপনৰ আশু ব্যৱস্থা কৰা উচিত। অন্যথাই অসমত ভিক্ষাৰীৰ সংখ্যা বৃদ্ধি পাব, যিটো অসমীয়া জাতীয় জীৱনৰ কলংক হ’ব।
5. অশিক্ষিত কৃষকসকলক কৃষি বিষয়ৰ জ্ঞান দিয়াটো অত্যন্ত জৰুৰী সমস্যা বুলি গণ্য কৰিব লাগে। অসমত প্রাপ্ত বয়স্ক শিক্ষা আচনি ব্যৰ্থ হৈছে। এই আচনিৰ পৰিৱর্তে কৃষি-শিক্ষা আচনি প্রৱর্তন কৰি কৃষকসকলক জাগ্রত কৰাৰ আশু প্রয়ােজন হৈছে। এই আঁচনিৰ যােগেদি-
(ক) বিভিন্ন সাৰ আৰু সেই সাৰ প্ৰয়ােগ কৰাৰ প্ৰণালী।
(খ) একে মাটিতে সলনা-সলনিকৈ বিভিন্ন শস্যৰ খেতি কৰাৰ প্ৰণালী।
(গ) বীজ সংৰক্ষণ প্রণালী।
(ঘ) গাে-প্রতিপালন ব্যবস্থা।
(ঙ) পানী যােগান ব্যবস্থা আৰু তাৰ উপকাৰিতা।
(চ) উন্নত বীজৰ যােগেদি উন্নত আৰু আধুনিক কৃষি কাৰ্যৰ প্ৰণালী।
(ছ) শস্যৰ অপকাৰী কীটনাশক ঔষধৰ ব্যৱহাৰ ব্যৱস্থা।
(জ) সমবায় পদ্ধতিত কৃষিকার্য- ইয়াৰদ্বাৰা মাটিহীন বা গহন দুয়াে শ্রেণীৰ কৃষক উপকৃত হব।
(ঝ) স্বাস্থ্য ৰক্ষা সম্পর্কে জ্ঞানদান।
এইবােৰ ব্যৱস্থাৰ যােগেদি কৃষকসকলে কৃষিকার্য সম্পর্কে বিস্তৃত ভান লাভ কৰি উন্নত কৃষিৰ অনুশীলন কৰিব পাৰিব; তেতিয়া কৃষকসকল চকু মুকলি হ’ব; কৃষকৰ কল্যাণ সাধন হ’ব। কিন্তু ইয়াৰ লগতে কৃষি। বিষয়াসকল ফাইলৰ মাজতে বা ডায়েৰী পূৰােৱাতে আবদ্ধ নাথাকি কৃষকসকলৰ লগতে পথাৰলৈ গৈ হাতে-কামে কৃষি প্রণালীবােৰ দেখুৱাব লাগিব। উপদেশৰ লগত কার্য প্রণালীৰ সামঞ্জস্য ৰখা একান্ত কৰ্তব্য।
6. গাঁৱে গাঁৱে সমবায় খাদ্য-শস্যৰ ভাণ্ডাৰ গঠন কৰাৰ ব্যৱস্থা কৰি খাদ্যাভাৱ, আকাল আদিত তৰণৰ কাৰ্যকৰী পন্থা কৃষকসকলক প্রদর্শন কৰিব লাগে। এইটো কৰিব পাৰিলে। মহাজন, দালাল, চোৰাংকাৰবাৰী আদিৰ প্ৰৰােচনা নির্মূল কৰিব পৰা হ’ব।
7. গৰুহালৰ অভাৱত যাতে কোনাে কৃষকেই মাটিডৰা চন পেলাই থ’বলগাত নপৰে, তাৰ সুব্যৱস্থা হােৱা বাঞ্ছনীয়। সমবায় কৃষি ব্যৱস্থাই এই অসুবিধা দূৰ কৰিব।
8. চৰকাৰ, বেংক আদিয়ে আগবঢ়োৱা কৃষি-ঋণ সাহাৰ্য আদি দূৰৰ পৰ্বত নহৈ, হাতে ঢুকি পােৱা আঙুৰ হ’ব লাগে। প্রকৃত আৰু অভাৱী কৃষকসকলে যাতে এইবােৰ সহজতে পাব পাৰে, তাৰ কাৰণে কৃষকৰ লগত পােনপটীয়া সংযােগ কৰা উচিত।
সামৰণি
দেশক খাদ্য যােগান ধৰােতা কৃষকসকলক দেশে মর্যাদা দান কৰিব লাগিছিল আৰু যি সা-সুবিধা আগবঢ়াই তেওঁলােকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব লাগিছিল, সেইখিনি কোনাে কালেই কৰা হােৱা নাই। স্বাধীনতাৰ পিছত ইমানকেইটা পাঁচ বছৰীয়া পৰিকল্পনা শেষ হ’ল; বহু হাজাৰ কোটি টকা কৃষকৰ সমস্যা সমাধান আৰু উন্নয়নৰ আঁচনিত খৰচ কৰা হ’ল; কিন্তু কৃষকসকল দৰিদ্ৰ হৈয়ে ৰ’ল। বঞ্চ দেশৰ আধাসংখ্যক কৃষকেই দৰিদ্ৰতাৰ সীমাৰেখাৰ বহু তললৈহে গ’ল। এই ব্যৱস্থা বৰ্তি থাকিলে, অসমীয়া কৃষক-সমাজ ভিক্ষাৰীত পৰিণত হ’ব।
গতিকে দেশ, সমাজৰ পৰম বন্ধু কৃষকসকলৰ সৰ্বাংগীণ উন্নয়নৰ কাৰণে চৰকাৰ আৰু বুদ্ধিজীৱীসকলে সুপৰিকল্পিত অচনি লৈ আগবাঢ়ি আহক।
FAQs
1. Assamese essay for class 12 কেনেকৈ প্রস্তুতি ল’ব?
নিয়মিত topic practice, বানান শুদ্ধ কৰা, আৰু paragraph styleত লিখা।
2. ৰচনাত কিমান শব্দ লিখিব লাগে?
বিদ্যালয় বা board অনুসৰি ভিন্ন হয়, কিন্তু সাধাৰণতে মধ্যমীয়া দৈৰ্ঘ্য যথেষ্ট।
3. মুখস্থ essay লিখা উচিত নেকি?
সম্পূৰ্ণ মুখস্থ নকৰি idea বুজি লিখা ভাল।
4. Assamese essayত নম্বৰ কেনেকৈ বাঢ়ে?
শুদ্ধ ভাষা, পরিষ্কাৰ লেখা, ভাল structure আৰু বিষয়ভিত্তিক উত্তৰে নম্বৰ বাঢ়ে।
শেষ কথা
Assamese essay for class 12 ভালকৈ practice কৰিলে অসমীয়া বিষয়ত ভাল নম্বৰ নিশ্চিতভাৱে পাব পাৰি। ৰচনা মানে কেৱল লিখা নহয়, ই চিন্তা প্ৰকাশৰ এটা উপায়। নিয়মিত অনুশীলন কৰক, সহজ ভাষাত লিখক, আৰু topic বুজি লিখক।
আজিৰ পৰা আৰম্ভ কৰক। সপ্তাহত ৩টা ৰচনা লিখিলেও কিছুদিনতে আপুনি বহুত উন্নতি দেখিব।