Class 9 Assamese Chapter 6 Question Answer । অন্যৰ প্ৰতি ব্য়ৱহাৰ

 Class 9 Assamese Chapter 6 Question Answer । অন্যৰ প্ৰতি ব্য়ৱহাৰ 

Class 9 Assameseৰ “অন্যৰ প্ৰতি ব্যৱহাৰ” chapterটো দেখিবলৈ সহজ, কিন্তু বাস্তৱত এইটো আমাৰ দৈনন্দিন জীৱনৰ আটাইতকৈ important lessonবোৰৰ এটা। বহুতো ছাত্ৰ-ছাত্ৰীয়ে ভাবে এইটো কেৱল moral chapter, কিন্তু examত question answer লিখোতে সঠিক point নাজানে।

এই articleটোত মই আপোনাক Class 9 Assamese Chapter 6 Question Answer | অন্যৰ প্ৰতি ব্যৱহাৰ একেবাৰে সহজ আৰু বাস্তৱ উদাহৰণেৰে বুজাই দিম। যেনে আপুনি নিজৰ শিক্ষকজনৰ লগত আলোচনা কৰিছে।

যদি আপুনি প্ৰথমবাৰ এই chapterটো পঢ়িছে, তেন্তে এটা কথা মনত ৰাখিব —

এইটো কেৱল পঢ়াৰ বাবে নহয়, জীৱনত ব্যৱহাৰ কৰিবলগীয়া বিষয়

Class 9 Assamese Chapter 6 Question Answer । অন্যৰ প্ৰতি ব্য়ৱহাৰ

 

অধ্যায়ৰ সংক্ষিপ্ত পৰিচয়

“অন্যৰ প্ৰতি ব্যৱহাৰ” মানে হৈছে আমি আন মানুহৰ লগত কেনেকৈ আচৰণ কৰোঁ।

সহজকৈ ক’লে:

  • আপুনি মানুহৰ লগত কেনেকৈ কথা কয়
  • কেনেকৈ আচৰণ কৰে
  • কেনেকৈ সন্মান দিয়ে

এইবোৰেই আপোনাৰ ব্যৱহাৰ।

এই পাঠত লেখকে দেখুৱাইছে যে ভাল ব্যৱহাৰে মানুহক মহান কৰে।

মূল ভাব (Main Idea)

এই chapterৰ মূল কথা:

  • মানুহৰ ব্যৱহাৰেই তেওঁৰ পৰিচয়
  • ভাল ব্যৱহাৰে ভাল সম্পৰ্ক গঢ়ে
  • বেয়া ব্যৱহাৰে সমস্যা সৃষ্টি কৰে

Real-life connect:
আপুনি যদি ভাল ব্যৱহাৰ কৰে, মানুহে আপোনাক ভাল পাব।

যদি ৰুঢ় ব্যৱহাৰ কৰে, মানুহে দূৰত থাকিব।

প্ৰশ্ন আৰু উত্তৰ (Important Question Answers)

প্ৰশ্ন ১: “অন্যৰ প্ৰতি ব্যৱহাৰ” বুলিলে কি বুজায়?

উত্তৰ:

অন্যৰ প্ৰতি ব্যৱহাৰ মানে হৈছে আমি আন মানুহৰ লগত কৰা আচৰণ।

প্ৰশ্ন ২: ভাল ব্যৱহাৰৰ গুণ কি?

উত্তৰ:

ভাল ব্যৱহাৰে মানুহৰ মাজত সন্মান, মৰম আৰু বিশ্বাস সৃষ্টি কৰে।

সহজকৈ:
ভাল ব্যৱহাৰ = ভাল সম্পৰ্ক

প্ৰশ্ন ৩: বেয়া ব্যৱহাৰৰ ফল কি?

উত্তৰ:

বেয়া ব্যৱহাৰে মানুহৰ মাজত দূৰত্ব আৰু অসন্তোষ সৃষ্টি কৰে।

প্ৰশ্ন ৪: পাঠটোৰ মূল শিক্ষা কি?

উত্তৰ:

মানুহে সদায় আনৰ সৈতে সন্মান আৰু মৰমেৰে ব্যৱহাৰ কৰা উচিত।

Quick Revision Table

বিষয় বিৱৰণ
অধ্যায় অন্যৰ প্ৰতি ব্যৱহাৰ
মূল ভাব আচৰণৰ গুৰুত্ব
ভাল ব্যৱহাৰ সন্মান আৰু মৰম
বেয়া ব্যৱহাৰ সমস্যা আৰু দূৰত্ব

Chapterটো সহজকৈ বুজা

এই পাঠটো বুজিবলৈ আপুনি এটা simple trick use কৰিব পাৰে:

নিজৰ ব্যৱহাৰৰ কথা ভাবক
আপুনি আনৰ লগত কেনেকৈ আচৰণ কৰে?

  • ভাল নে?
  • ৰুঢ় নে?

এইটোয়ে পাঠটোৰ মূল বিষয়।

১। অতি চমু উত্তৰ দিয়াঃ

(ক) সাৰথি’ পুথিখন কাৰ ৰচনা?
উঃ ‘সাৰথি’ পুথিখন সত্যনাথ বৰাৰ ৰচনা।

(খ) কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভূগিবলৈ পায় ?
উঃ মানুহে মানুহৰ লগত কেনেদৰে ব্যৱহাৰ কৰিব লাগে আৰু কেনেকৈ চলিলে সংসাৰত সুখ-সন্তোষে কাল নিয়াব পাৰি তাক নজনাৰ বাবে মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভূগিব লগা হয়।

(গ) কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ?
উঃ আনৰ লগত কেটেৰা মাৰি কথা কোৱা খিংখিঙীয়া শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ।

See also  SEBA Class 9 Assamese Chapter 3 Answer 2026 | গীত আৰু ছবি

(ঘ) সজ ব্যৱহাৰৰ অনুপান কি?
উঃ নম্রতা সজ ব্যৱহাৰৰ অনুপান।

(ঙ) মনত অহঙ্কাৰ ৰাখি মুখত নম্র হলে মানুহক কি কৰা হয়?
উঃ মনত অহংকাৰ ৰাখি মুখত নম্র হলে মানুহক ছল (ছলনা) কৰা হয়।

(চ) এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল ৷ ’ ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে?
উঃ যি শ্ৰেণীৰ মানুহে আনৰ গুপ্ত কথা লুকাই ৰাখিব নােৱাৰে সেই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল বুলি লিখকে কৈছে।

(ছ) কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশ্রয় দিয়া হয়?
উঃ শঠ মানুহৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশ্রয় দিয়া হয়।

(জ) বহল ব্যাকৰণ’ পুথিখন কাৰ ৰচনা ?
উঃ ‘বহুল ব্যাকৰণ’ পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা।

২। চমুকৈ বুজাই লিখাঃ

(ক) ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নােৱাৰি ?
উঃ ব্যৱহাৰ প্রণালীক সামান্য কথা বুলি উলাই কৰিব নােৱাৰি। কাৰণ মানুহৰ প্রতি মানুহে কৰা আচাৰ-ব্যৱহাৰৰ ওপৰতে সমাজ জীৱনৰ সুখ, আৰু শান্তি নির্ভৰ কৰে। আচাৰ-ব্যৱহাৰ বেয়া হ’লে জীৱনত নানা উপদ্ৰৱ ভূগিব লগা হয়। বহুত চৰিত্ৰৱান মানুহেও অসজ ব্যৱহাৰৰ ফলত আন মানুহৰ গৰিহণাৰ পাত্র হয়। আকৌ বহুত কপটীয়া ছলাহী মানুহেও সজ ব্যৱহাৰৰ ফলত মানুহৰ মৰমৰ পাত্র হয়।

(খ) বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানী সকলে কিয় কৈছে?
উঃ বিনয় মানে নম্রতা। নম্রতাই মানুহক মানুহৰ ওচৰত মৰমীয়াল কৰি তােলে। বিনয়ভাৱক অলংকাৰৰ লগত তুলনা কৰিব পাৰি। অলংকাৰে যেনেকৈ মানুহৰ শাৰীৰিক সৌন্দর্য বৃদ্ধি কৰে তেনেকৈ বিনয়ভাৱে মানুহৰ ব্যক্তিত্ব প্রকাশত অৰিহণা যােগায়। সেয়ে দান দিয়াৰ সময়ত বিনয়ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কৈছে। বিনয়ী ভাৱত দান কৰিলে মানুহৰ মাজত মৰম, চেনেহ, শ্রদ্ধা-ভক্তি আদি গুণৰ বিকাশ হয় আৰু সামাজিক জীৱনাে সুখৰ হয়।

৩৷ তাৎপর্য ব্যাখ্যা কৰাঃ

(ক)নম্রতা সজ ব্যৱহাৰৰ অনুপান।
উঃ নম্রতা সজব্যৱহাৰৰ অনুপান’—কথাষাৰসত্যনাথ বৰাদেৱৰ অন্য়ৰ প্রতি ব্যৱহাৰ নামৰ পাঠটিত সুন্দৰভাৱে ব্যাখ্যা কৰিছে। সজ ব্যৱহাৰে মানুহৰ সামাজিক জীৱন সুখ আৰু সন্তোষেৰে ভৰাই তােলে। নম্রতা (বিনয়ভাৱ) হৈছে সজ ব্যৱহাৰৰ এক অন্যতম অনুপান (উপাদান)। নম্র ব্যৱহাৰে মানুহক মানুহৰ ওচৰত মৰমীয়াল কৰি তােলে। বিনয়ভাৱক অলংকাৰৰ লগত তুলনা কৰিব পাৰি। অলংকাৰে যেনেকৈ মানুহৰ শাৰীৰিক সৌন্দর্য বৃদ্ধি কৰে তেনেকৈ বিনয়ভাৱে মানুহৰ ব্যক্তিত্ব প্রকাশত অৰিহণা যােগায়। লােকৰ মাজত নম্র ভাৱ থাকিলে মুখেৰে আপােনা- আপুনি মিঠা মাত ওলায়। কিন্তু মনত অহংকাৰ ৰাখি মুখেৰে নম্রতা প্রকাশ কৰিব বিচাৰিলেওঁ কেতিয়াও প্ৰকৃত নম্র হ’ব নােৱাৰে।

(খ) সােণৰ জেউতি অমান্য কৰিলে নকমে।
উঃ সােণ এবিধ অতি মূল্যৱান ধাতু। ইয়াৰ দ্বাৰা অলংকাৰ তৈয়াৰ কৰা হয়। ই অতি উজ্জ্বল। ইয়াৰ উজ্জ্বলতাক কোনেও অস্বীকাৰ কৰিব নােৱাৰে আৰু অস্বীকাৰ কৰিলেও সােণৰ মূল্য নকমে। সােণৰ উপমাটিৰ দ্বাৰা লিখকে ইয়াকে বুজাব খুজিছে যে মান্যবন্ত অর্থাৎ গুণী লােক সদায় মানুহৰ ওচৰত মৰম, সন্মান আৰু গুৰুত্ব পায়। কিছুমান মানবীয় গুণ যেনেঃ নম্রতা, অকপট আচৰণ, দয়া, পৰােপকাৰ আদিয়ে মানুহক মান্যৱন্ত কৰি তােলে। কিন্তু সমাজত এনে কিছুমান লােক আছে যিসকলে মান্যৱন্ত লােকৰ কথা অমান্য কৰে আৰু সুযােগ পালেই তেনে লােকৰ লগত ছল কৰিব বিচাৰে। কিন্তু তেনে কৰিলে মান্যৱন্ত লােকৰ গুণ অকনাে নকমে ঠিক সােণৰ দৰে যাৰ গুণ অস্বীকাৰ কৰিলেও ইয়াৰ মূল্য হ্রাস নাপায়।

See also  Class 9 Assamese Chapter 13 Question & Answer । হনুমন্তৰ লঙ্কাদৰ্শন

ভাষা বিষয়কঃ

প্রশ্ন ৪। বিপৰীতার্থক শব্দ লিখা ?
উত্তৰঃ সুখ, সন্তোষ, সজ, চৰিত্ৰৱন্ত, কপটীয়া, মিঠা, বিনয়, নম্রতা, লঘু, উচ্চ, নিন্দা, গুপ্ত, দোষ, গহীন, আঢ্যৱন্ত।
উত্তৰ
সুখ→দুখ।
মিঠা→ তিতা
সতে→অসন্তোষ।
বিনয়→ উগ্র।
সজ→অসজ।
নম্রতা→ উগ্রতা
চৰিত্ৰৱন্ত→ চৰিত্ৰহীন।
লঘু→গুৰু
কপটীয়া →উদাৰ।
উচ্চ →নীচ।
নিন্দা→প্ৰশংসা
গহীন→ পাতল।

গুপ্ত→প্রকাশ্য।
আঢ্যৱন্ত→ দৰিদ্র।
দোষ→নির্দোষ।

প্রশ্ন ৫। বাক্য ৰচনা কৰা ।
চকুৰ কুটা, পেটত কথা ৰাখ।।
উত্তৰ: চকুৰ কুটা⇒(শত্রু,দেখিব নােৱৰা) : আনৰ অপকাৰ কৰি ফুৰা মানুহ আনৰ চকুৰ কুটা দাঁতৰ শাল হৈ পৰে।
পেটত কথা ৰাখ⇒ (ক’ব নলগীয়া কথা ব্যক্ত নকৰি মনতে ৰাখা) আনৰ গুপ্ত কথা প্রকাশ নকৰি পেটত কথা ৰাখিব পাৰিলে মানুহৰ শত্রুতা কমে।

শব্দার্থ আৰু টোকা 
অনুপান→আনুষঙ্গিক উপাদান, লগত অনা বা দিয়া বস্তু।
আটক→ বাধা।
চাটুকাৰ→ছলাহী কথাৰে আনৰ অন্তৰ জয় কৰা মানুহ।
প্রৌঢ়ী→জনাজাত, ব্যক্ত, প্ৰচাৰ।
ব্যৱহাৰ→আচৰণ।
ভাজন→পাত্র।
দুলাহী→ ঠগ কথা বা আচৰণ, প্রবঞ্চনা কৰা।
উলাই →অবজ্ঞা
কেটে→কঠুৱা, টান, কর্কশ।
অর্বুদ→ দহ কোটি (সংখ্যা বিশেষ)
নিমিষতে →তৎক্ষণাত, খন্তেকতে।
দম্ভালি→ অহংকাৰ, মই বৰ ভাৱ, নিজেই বৰ ডাঙৰবাৰৰ জানালােক এনেভাৱ।
বিনীত→ স্বভাৱ, শান্ত-শিষ্ট।
বখনা→প্রশংসা কৰা।
মহত্ত্ব→উচ্চতা, গৰিষ্ঠতা।
দুৰাচাৰ →বেয়া আচৰণৰ।
সুচল→ সুবিধা, সুযােগ।
সজাতী →বিশ্বাসী, প্রিয়ভাজন, আপােন।
লােকৰ কথা খুচুৰি ফুৰা→ আনর ভাল-বেয়া কথা জানিবলৈ বিচাৰি ফুৰা, আনৰ ভাল-বেয়া কথা কৈ ফুৰা।
শ্রেয়স→ শ্রেষ্ঠ, উৎকৃষ্ট, অতি ভাল।
খুত→দোষ, ব্যতিক্রম।

উপলুঙা →ভেঙুচালি, ঠাট্টা-মস্কৰা।
শঠ →ছলনাকাৰী, বঞ্চক।
শঠতা→ছলনা, বঞ্চনা।
আটাৱন্ত→ ধনৱন্ত।
মানাৱন্ত→মানী, মান-সম্মান থকা।
জেউতি→পােহৰ, উজ্জ্বলতা।
পুৰুষালি→বল, বীর্য, সাহস।
নিকৃষ্ট→ নিচেই সৰু।
বিগতি→ইতিকিং।

প্রশ্ন ৬। বুজাই লিখা ?

(ক) কেনেকৈ চলিলে সুখে-সন্তোষে কাল নিয়াব পাৰি বুলি লিখকে কৈছে?
উত্তৰঃ যিবিলাক মানুহেৰে সৈতে সম্বন্ধ জন্মে বা যিবিলাকেৰে সংসাৰত সমাজপাতি থকা যায় সিবিলাক মানুহৰ ভিতৰত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে বা কেনেকৈ চলিব লাগে তাক সংসাৰ যাত্ৰীয়ে ভালদৰে জানিলে সুখে-সন্তোষেৰে কাল নিয়াব পাৰি। এই কথা ভালদৰে নজনাৰ কাৰণেই বহু মানুহে জীৱনত নানান কষ্ট ভুগিব লগাত পৰে। সেই কাৰণে মানুহে সুখে-সন্তোষেৰে কাল নিয়াবলৈ সজ ব্যৱহাৰৰ কথা ভালদৰে জনা উচিত। সজ ব্যৱহাৰত নম্রতা থাকিলে ইয়ে মানুহক আৰু আকর্ষিত কৰিব পাৰে।

(খ) “চৰিত্র সজ হলেই ব্যৱহাৰ সজ হ’ব বুলি ভবা উচিত নহয়।” – কিয় ?
উত্তৰঃ চৰিত্র সজ হলেই ব্যৱহাৰ সজ হ’ব বুলি ভবা অনুচিত। কাৰণ অনেক চৰিত্ৰৱন্ত মানুহ ব্যৱহাৰৰ দোষত আনৰ হিংসা আৰু গৰিহণাৰ পাত্র হয়। সজ চৰিত্ৰৰ মানুহাে কর্কশ মাত কথাৰ আৰু দুব্যৱহাৰ হ’ব পাৰে। গতিকে তেনে চৰিত্ৰৱন্ত লােকক সজ ব্যৱহাৰৰ লােক বুলি পৰিচয় দিব নােৱাৰে। আনহাতে অনেক কপটীয়া, ছলাহী, দুঃচৰিত্ৰৰ মানুহাে সজ ব্যৱহাৰৰ গুণত আনৰ মৰমৰ পাত্ৰ হ’ব পাৰে।

(গ) “মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্র।” – কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।
উত্তৰঃ মাত কথাৰ ওপৰত ব্যৱহাৰ বৰকৈ নিৰ্ভৰ কৰে। স্বভাৱত বহুত দোষ থাকিলেও মিঠা-মাতৰ গুণত মানুহ সৰবৰহী হ’ব পাৰে। নিজলৈ আনৰ মৰম-ভক্তি জন্মােৱাটো মানুহৰ মুখ্য উদ্দেশ্য। ব্যৱহাৰত মিঠা-মাতৰ অভাৱ হ’লে সেই উদ্দেশ্য সিদ্ধ নহয়। মিঠা মাত ব্যৱহাৰৰ কলপৰ নিচিনা। যিদৰে মিঠা বস্তুৰ কলপ লগাইহে বেজেও অকটা দৰব ৰুগীয়াক খাবলৈ দিয়ে আৰু ৰুগীয়েও খাই ভাল পায় সেইদৰে কপটীয়া বা দুষ্ট মানুহে মিঠা মাতেৰে সকলােৰে পৰা মৰম-শ্রদ্ধা আদায় কৰে। সেয়ে সজ ব্যৱহাৰত মিঠা মাতৰ ৰহণ বা কলপ লগালেহে মানুহৰ মনত সন্তোষ লগাব পাৰে।

See also  SEBA Class 9 Assamese Chapter 4 Answer 2026 | প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক ।

(ঘ) অবাবতে কেটে মাত মাতা মানুহৰ বিষয়ে লিখকে কি কৈছে?
উত্তৰ : অবাবতে কেটে মাত মাতা মানুহে আনৰ মনত বেজাৰ দিয়ে। এয়া কৰা অনুচিত। নির্বোধ, খিংখিঙিয়া-মানুহে ভৱিষ্যত নুগুনি কেটেৰা মাৰিহে মানুহৰ লগত কথা কয়। এই শ্রেণীৰ মানুহ শত্রু বেছি। সিহঁতে মনে জানি কাৰাে অহিত নকৰিলেও কেৱল কঠুৱা মাতৰ দোষতেই সকলােৰে চকুৰ কুটা যেন হৈ পৰে। সিহঁতৰ গাত লক্ষ গুণ থাকিলেও অকল কেটে বা তিতা মাতেই সকলাে ঢাকি পেলায়। কেটে মাত মাতিলে। সহস্ৰ উপকাৰ মানুহে একেতিলে পাহৰে, অবুদ দানৰ ফল নিমিষতে লয় হয়।

(ঙ) “নম্রতা এটা মনৰ গুণ, মিঠা মাত তাৰ ফল।” – তাৎপর্য ব্যাখ্যা কৰা।
উত্তৰঃ মিঠা গছৰ ফল যিদৰে মিঠা হয় ঠিক সেইদৰে মানুহৰ মিঠা গুণ নম্ৰতাৰ ফলাে হৈছে মিঠা মাত। মনত নম্ৰতাৰ ভাব থাকিলেহে মুখেৰে আপােনা-আপুনি মিঠামাত ওলায়। মনত নম্ৰতাৰ পৰিবৰ্তে অহংকাৰ ভাৱ ৰাখি মুখেৰে মিঠা মাত কেতিয়াও নােলায়, সেই মাত অলপ নহয় অলপ কর্কশ হ’বই। অহংকাৰ ৰাখি নম্র হ’বলৈ গ’লে মানুহে ছল কৰাহে হয়। তেনে আচৰণ অনুচিত। সেয়ে ব্যৱহাৰত মনে-মুখে একে হ’বলৈ সততে চেষ্টা কৰা উচিত।

(চ) “চাটুকাৰক মূখ বা দাম্ভিক মানুহে ভাল পাব পাৰে; কিন্তু জ্ঞানী মানুহে ঘিণায়।” কথাষাৰ বুজাই লিখা।
উত্তৰ :চাটুকাৰৰ স্বভাৱ হ’ল সমুখত আনৰ প্রশংসা কৰি নিজৰ উদ্দেশ্য সাধন কৰা। মূৰ্খ বা দাম্ভিক লােকে এই কথা ভাল পালেওঁ জ্ঞানীলােকে ঘিণ কৰে। মূৰ্খ বা দাম্ভিক লােকে চাতুকাৰৰ গােপন উদ্দেশ্যৰ কথা বুজি নাপায় তাৰ মুখত নিজৰ প্রশংসা শুনি বৰ আনন্দ পায় আৰু গৌৰৱবােধ কৰি গপত ওপন্দি পৰে। এই কথাই চাটুকাৰৰ গােপন উদ্দেশ্য পূৰণ হােৱাত সহায় কৰে। চাটুকাৰৰ এনে ছলাহীপূর্ণ প্রশংসাই মূৰ্খ বা দাম্ভিক লােকক অনেক বিপদতাে পেলায়। সেয়ে চাটুকাৰৰ তেনে প্রশংসাক জ্ঞানীলােকে কোনাে প্ৰকাৰেই প্রশ্রয় নিদিয়ে, বৰং ঘিণহে কৰে।

শেষ কথা

“অন্যৰ প্ৰতি ব্যৱহাৰ” কেৱল examৰ chapter নহয় — এইটো জীৱনৰ guideline। যদি আপুনি এই Class 9 Assamese Chapter 6 Question Answer | অন্যৰ প্ৰতি ব্যৱহাৰ ভালদৰে বুজি লয়, তেন্তে examতো ভাল নম্বৰ পাব আৰু জীৱনতো সফল হ’ব।

মনত ৰাখিব: আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়।

যদি আপুনি আন chapter বোৰো এনেকৈ সহজকৈ বুজিব বিচাৰে, মোক ক’ব পাৰে। মই আপোনালোকৰ বাবে আৰু detailed guide সাজি দিম।

Leave a Comment